Table manipulation কৰাৰ ভিতৰত এখন table draw কৰা, cell বোৰৰ width আৰু height সলনি কৰা, cell বোৰৰ textক alignment কৰা, row আৰু column বোৰ delete বা insert কৰা আৰু border বা shading কৰা, আদি অর্ন্তভূক্ত আছে।
এখন Table draw কৰা -
Tableবোৰ document ৰ যি কোনো স্হানত সহজেই insert কৰিব পাৰি।। এটা table
হৈছে- এটা সহজ উপায়ত দীঘল listবোৰক arrange
কৰা। আপোনাৰ document ৰ সকলো অংশ row আৰু column বোৰত format কৰিবলৈ
table ৰ ব্যৱহাৰ কৰিব পাৰি। Row আৰু column বোৰ আৰম্ভণি, শেষ বা Table ৰ মাজত add বা delete কৰিব পাৰি। Table এখন
insert কৰিবলৈ Insert menu ৰ “Tables”
iconটোত click কৰক। Table খন যিকোনো sizeত formatted হ’ব,
আৰু প্রয়োজন অনুসৰি row আৰু column বোৰ
add কৰিব পাৰি।
Cell ৰ width আৰু height change কৰা -
যেতিয়া আমি এখন Table তৈয়াৰ কৰো, সকলো column বোৰৰ width
সমান হ’ব পাৰে বা ব্যৱহাৰ ওপৰত নির্ভৰ কৰিব বিভিন্ন width থাকিব পাৰে।
আপুনি যদি column বোৰৰ width change কৰিব বিচাৰে, তেতিয়া
"Ruler" বা table menu ৰ পৰা
table properties ৰ ব্যৱহাৰ কৰিব পাৰি।
Ruler ৰ ব্যৱহাৰ কৰি আপুনি row
বোৰৰ border আৰু size change কৰিব পাৰিব ।
এটা cell ত text alignment কৰা -
Table ৰ এটা বা অধিক cell বোৰ select কৰি আৰু Table layout menu ত click কৰক ।
Alignmentৰ অধীনত, Align
iconত click কৰক, আৰু পিছত corresponding
option টো select কৰিব পাৰি।
Row and Column বোৰ delete আৰু insert কৰা -
এটা existing
table ত rows আৰু column insert কৰিবলৈ, যেতিয়া আপুনি ঠাইত insert কৰিব বিচাৰে তাৰ আগত
বা পিছত cursor টো position কৰক।
Mouse button ক Right-click
কৰক → ইয়াৰ পৰাই insert বা delete কৰিব পাৰি।
Right ত row column insert কৰা -
table খন শেষ কৰাৰ পিছত, যদি আপুনি
table ৰ এটা নিৰ্দিষ্ট column ৰ সোঁফালে
column এটা insert কৰিব বিচাৰে, আপুনি এই
step বোৰ ব্যৱহাৰ কৰিব পাৰে −−
আপুনি table ত row এটা insert কৰিব বিচৰে তাত cursor টো ৰাখক।
Mouse button ত Right click
→ Insert column to right।
ওপৰত row insert কৰা -
table খন শেষ কৰাৰ পিছত, যদি আপুনি
table ৰ এটা নিৰ্দিষ্ট row ৰ ওপৰত row
এটা insert কৰিব বিচাৰে, আপুনি এই step
বোৰ ব্যৱহাৰ কৰিব পাৰে −
আপুনি table ত row এটা insert কৰিব বিচৰে তাত cursor টো ৰাখক।
Mouse button ত Right click
→ Insert row above।
তলত row insert কৰা -
table খন শেষ কৰাৰ পিছত, যদি আপুনি
table ৰ এটা নিৰ্দিষ্ট row ৰ তলত row
এটা insert কৰিব বিচাৰে, আপুনি এই step
বোৰ ব্যৱহাৰ কৰিব পাৰে −
আপুনি table ত row এটা insert কৰিব বিচৰে তাত cursor টো ৰাখক।
Mouse button ত Right click
→ Insert row below।
Column delete কৰা -
যদি আপুনি table এখন নির্দিষ্ট column delete কৰিব বিচাৰে,
এই step বোৰ follow কৰক -
সেই column ক select কৰক, যিটো আপুনি delete কৰিব বিচাৰে ।
Mouse button Right click কৰক -delete
cells-delete column ।
Row delete কৰা -
যদি আপুনি table এখনত নির্দিষ্ট row delete কৰিব বিচাৰে,
এই step বোৰ follow কৰক -
সেই row ক select কৰক, যিটো আপুনি delete কৰিব বিচাৰে।
Mouse buttonত Right click কৰক → delete Cells → delete Row।
Border আৰু shading কৰা -
Borders আৰু shading ৰে এক text ক সজাই তুলিবলৈ ব্যৱহাৰ হয়।
সেই text বোৰ select কৰিব যাৰ কাৰণে আপুনি Border আৰু shading apply কৰিব বিচাৰে।
Toolbarৰ Page Layout ত click কৰক।
তাৰ পাছত, Page Borders ৰ icon ত select কৰক।
এখন window ৰ open হ’ব – ইয়াৰ পৰা Border, Page Border আৰু shading ক select কৰিব পাৰে।
Page Border ক select কৰি style বোৰৰ এটা select কৰক
আৰু লগতে color, width, arts আদিও select কৰিব পাৰে।
0 Comments