কি দৰে Text create, format আৰু manipulate কৰিব, সেই বিষয় বোৰৰ আলোচনা কৰিম। আপুনি যেতিয়া New Word document এটা open কৰে। এখন windows ত বিভিন্ন ধৰণৰ document অক open কৰিবলৈ promote কৰিব, য’ত- blank, recent আৰু বিভিন্ন template থাকে। এটা Template হৈছে - এটা documentৰ reusing format, যি এটা নতুন document তৈয়াৰ কৰাত সহায় কৰে।
Document এটা manipulation প্ৰক্ৰিয়াত, Text বোৰ cut, copy, paste বা যিকোনো
location লৈ move কৰা আদি অর্ন্তভূক্ত থাকে।
formatting কৰাৰ প্ৰক্ৰিয়াত, page অৰ text বোৰৰ appearance আৰু layout নিয়ন্ত্ৰণ কৰা কামবোৰ অন্তৰ্ভুক্ত থাকে। Character formatting কৰাৰ প্ৰক্ৰিয়াত, Font, Font size আৰু Font
color আদি ব্যৱহাৰ কৰি Text বোৰক customize কৰা- কামবোৰ অন্তৰ্ভুক্ত থাকে।
এই ভিডিঅ’টোত Document create কৰা, Text editing আৰু selection কৰা, Cut-Copy–Paste ব্যৱহাৰ কৰা, Font আৰু Size selection কৰা, Text alignment কৰা, Text formatting কৰা, Paragraph indent কৰা, Bullets আৰু Numbering ব্যৱহাৰ কৰা, Case change কৰা বিষয়বোৰ আলোচনা কৰিছো। এই বিষয়বোৰ ভাল দৰে জানিবৰ বাবে ভিডিঅ’টো শেষলৈকে চাওক।
যদি ভিডিঅ’টো চাই ভাল পায়, তেন্তে ভিডিঅ’টো like
আৰু share কৰিব, লগতে ভিডিঅ’টো আৰম্ভ কৰাৰ আগতে
channel টো subscribe কৰক। আপুনি যদি Ms word ৰ
প্রথম videoটো চোৱা নাই, তেন্তে ওপৰৰ i- bottom টোত click কৰি
চাব পাৰে।
আহক আজিৰ ভিডিঅ’টো আৰম্ভ কৰো। এটা Document create কৰিবলৈ -
Start ত Click কৰক→ তাৰ পাছত, All programs লৈ আহক → ইয়াত Microsoft Office ত select কৰি → Microsoft Office 2007 ত Click কৰক আৰু Ms
Word ত এটা blank Document ত open হ’ব।
অন্য এক উপায় হ’ল, এটা document তৈয়াৰ কৰিবলৈ, Menu Bar অৰ থকা, File ৰ New ত select কৰক বা আপোনাৰ Keyboard ত Ctrl + N press
কৰক। তেতিয়া এটা blank document বা এটা Template
ক select কৰা বা existing document ক open কৰিবলৈ promote কৰিব। আপুনি blank document টোক select কৰক, এটা Blank document অৰ open হ’ব আৰু text type কৰা আৰম্ভ কৰিব পাৰে। Window ৰ top
position ত I-blinking কৰাটোক Cursor বোলে, য’ত আপোনাৰ typing ৰ আৰম্ভ হয়। আপুনি typing
কৰাৰ সৈতে textবোৰ automatically next
line লৈ warp হ’ব। আপুনি যদি কোনো line
type কৰি শেষ কৰিছে আৰু Nextটো blank
line লৈ যাব বিচাৰে, তেতিয়া Enter key টো press কৰক ।
Text editing কি? - পুৰণা document ত existing text বোৰক modify বা নতুন text
add কৰিব বিচাৰে, তাকে Text editing বুলি হয়। Editing Text তিনিটা Option ৰ দ্বাৰা কৰিব পাৰি - Find, Replace আৰু select কৰা।
- ·
Find → Document ত এটা word বিচাৰিবলৈ ।
- ·
Replace → existing word ক নতুন word replace
কৰিবলৈ ।
- ·
Select → এটা word বা sentence ক select কৰিবলৈ ।
কি দৰে Text selection কৰিব?
এবাৰত এটা আখৰ typing কৰি document তৈয়াৰ কৰা হয়। যেতিয়া editing বা formatting কৰিব বিচাৰে, এটা বা তাতোধিক word, line, paragraph, বা কেতিয়াবা documentৰ সকলোবোৰ আপুনি select কৰিব পাৰে। যেতিয়া আপুনি কোনো Document ত textৰ এটা অংশ select কৰে, সেই textৰ অংশটো বিভিন্ন change কৰিব পাৰে।
Selected text বোৰ cut, copy, paste, italic, bold বা underline আদিবোৰ change/use কৰিব পাৰে। Text
ৰ Font, size, color আদিবোৰও change কৰিব পাৰে ।
Text বোৰক select কৰিবলৈ Mouse আৰু keyboard দুটাৰে
ব্যৱহাৰ কৰা হয়।
- ·
Mouse ৰ ব্যৱহাৰ কৰি -
text টোক Double click কৰক বা click আৰু drag কৰি select কৰিব পাৰে ।
- ·
Keyboard ৰ ব্যৱহাৰ কৰি,
text ক shift key + arrow key বোৰ press
কৰি select কৰা হয় ।
- ·
Page ৰ সকলো select
কৰিবলৈ shortcut key “Ctrl + A” ৰ ব্যৱহাৰ কৰা
হয়।
Cut, Copy, Paste কি দৰে ব্যৱহাৰ কৰা হয় -
এটা documentৰ পৰা unnecessary data ক delete কৰাকে cut বুলি কোৱা হয়। Ms Word ত, আপুনি এটা Document
ৰ যিকোনো area ৰ পৰা text বোৰক cut কৰি আৰু Documentৰ বেলেগ area ত সেই text বোৰক Paste কৰিব পাৰে। Text
টোক cut কৰাৰ পিছত, ই clipboard ত store হয়।
Cut কৰিবলৈ, Text বোৰক select
কৰক - Right click কৰি বা clipboard ত Cut select কৰি।
Cutৰ Shortcut key হ’ল - Ctrl
+ X
Copy option ৰ ব্যৱহাৰ তেতিয়া কৰা হয়, যেতিয়া same text আকৌ এবাৰ retype কৰা হয়, যি সময়
আৰু প্ৰচেষ্টা হ্ৰাস কৰে। Copy option ৰ ব্যৱহাৰ
কৰি, আপুনি selected text বোৰক এটা area ৰ পৰা অন্য area লৈ Copy কৰিব
পাৰে ।
Clipboard ত store থকা Information তেতিয়া লৈকে থাকিব, যেতিয়ালৈকে সেই নতুন
Information ক Cut বা Copy কৰা নহয়। যেতিয়া আপুনি Cut বা Copy ৰ ব্যৱহাৰ কৰে, তেতিয়া আপুনি clipboard ত পুৰনা Information
ক সেই নতুন information ৰ দ্বাৰা সলনি কৰে, যেনেকৈ
এতিয়া cut বা copy কৰিছো।
Copy কৰিবলৈ, Text বোৰক select কৰক - Right click কৰি বা clipboard ত copy ক select
কৰি। Copy ৰ Shortcut key হ’ল - Ctrl + C
আপোনাৰ text ক select কৰক আৰু পিছত তাক Copy
কৰক। Copy কৰা text ক paste
কৰিবলৈ Cursor ক নির্দিষ্ট Position লৈ নিবলৈ Mouse ৰ ব্যৱহাৰ কৰক। Copy কৰা text
ক আপোনাৰ নতুন area ত insert কৰিবলৈ paste option টোত click কৰক। আপুনি যিমান বাৰ বিচাৰে clipboard ৰ information
paste কৰিব পাৰে ।
Paste কৰিবলৈ, Text বোৰক select কৰক - Right click কৰি বা clipboard ত Paste ক select
কৰি। Paste ৰ shortcut key হ’ল – Ctrl + V
কি দৰে Font ৰ size ক change কৰিব?
Document টোৰ font বোৰৰ আকাৰ পৰিৱর্তন কৰিবলৈ প্ৰথমে আপুনি যি text বোৰক পৰিৱর্তন কৰিব, সেই
text বোৰক select কৰক ।
আপুনি যদি document টোৰ সকলো text ক select
কৰিব বিচাৰে, তেতিয়া Ctrl +A ত press কৰক।
Home menu ৰ পৰা Font size
option টোত Click কৰি change কৰিব পাৰিব। আপুনি Font ৰ feature ব্যৱহাৰ কৰিবলৈ fontত click কৰি
font style change কৰিব পাৰি।
Text alignment কি দৰে change কৰিব?
আপুনি text বোৰ বা paragraph এটা Left,
Right, Center আৰু Justify লৈ align কৰিব পাৰে। By default, content টো সদায়ে document
ৰ বাওঁফালে দেখা যায়। Mouse বা keyboard
shortcuts ব্যৱহাৰ কৰি alignment কৰিব পাৰি। Center
alignment ৰ বাবে, center align icon ত click
কৰক বা shortcut key- "Ctrl + E" ব্যৱহাৰ
কৰক। Right alignment ৰ বাবে, right align icon ত click কৰক বা shortcut key- "Ctrl +
R" ব্যৱহাৰ কৰক। Left alignment ৰ বাবে, left
align icon ত click কৰক বা shortcut
key- "Ctrl + L" ব্যৱহাৰ কৰক। যদি আপুনি Justify ত click কৰে, ই left আৰু right
দুয়োটা margins ৰ সন্দৰ্ভত align হ'ব। ইয়াত ব্যৱহৃত shortcut key হৈছে - "Ctrl
+ J"।
কি দৰে Bullets আৰু Numbering ব্যৱহাৰ কৰিব?
গুৰুত্বপূৰ্ণ point আৰু message বোৰ তালিকাভুক্ত কৰিবলৈ
Bullets আৰু Numbering ব্যৱহাৰ কৰা হয়।
যেতিয়া document এটা দীঘল paragraph ৰ
ৰূপত থাকে, পাঠকে গুৰুত্বপূৰ্ণ বিষয় বা বাৰ্তা দ্ৰুততাৰে লক্ষ্য কৰিব নোৱাৰিব পাৰে।
Bullets আৰু Numbering এ বস্তুবোৰৰ তালিকাত
গুৰুত্ব দিয়ে।
Document এখনত পইণ্ট বা বিষয়বোৰ তালিকাভুক্ত
কৰিবলৈ bullets ব্যৱহাৰ কৰা হয়। Numbering যুক্ত তালিকাখনে নিৰ্দেশনা
বা অন্যান্য বিন্দুৰ বাবে ভালদৰে কাম কৰে।
Document এখন typing কৰোঁতে, সহজে বুজাৰ বাবে বিৱৰণবোৰ step-by-step দিব লাগে।
MS Word ৰ বিশেষত্ব - Bullets আৰু Numbering
য়ে এই উদ্দেশ্য পূৰণ কৰে।
আপুনি হয় Bullets আৰু Numbering ৰ বাবে Word ৰ default বোৰ ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ নিজৰ তালিকা নিৰ্ধাৰণ কৰিবও
পাৰে।
Textৰ Case change কি দৰে কৰিব? -
আমি সাধাৰণতে বিভিন্ন প্ৰকাৰৰ নথিপত্ৰৰ
documentবোৰ type কৰোঁ,
তেতিয়া Lower case, Upper case, Sentence case আদি ব্যৱহাৰ
কৰা হয়।
- ·
Sentence case → বাক্যটোৰ প্ৰথম চৰিত্ৰটো capitalized কৰা
হয়।
- ·
Lower case → সম্পূৰ্ণ selected text বোৰ small
letters লৈ সলনি হ'ব।
- ·
Upper case → সম্পূৰ্ণ selected text বোৰ capital
letters লৈ সলনি হ'ব।
- ·
Title case → প্ৰতিটো শব্দৰ প্ৰথম character এটা capital
letter এ আৰম্ভ হয়।
- ·
Toggle case → ই Lower case টো Upper case লৈ আৰু ইয়াৰ বিপৰীতে সলনি কৰে।
0 Comments