Featured Posts

বিভিন্ন প্রকাৰৰ computer ৰ বিষয়ে -Types of computer |কম্পিউটাৰৰ সৈতে কাম কৰা |in Assamese | mselearn

 যেতিয়া অধিকাংশ লোকে computerৰ শব্দটো শুনে, তেতিয়া এটা personal computer, যেনে desktop বা laptopৰ অনুভৱ হয়। Computer বোৰ বিভিন্ন আকাৰত থাকে আৰু এই computerৰে আমাৰ দৈনিক জীৱনত বেলেগ বেলেগ কার্য সম্পাদনত সহায় কৰে। ATM ৰ পৰা টকা উলিয়াই কার্যত, Petrol pumpত তেল ভৰোৱা কার্যত বা calculator ব্যৱহাৰ কৰা কার্যত, আপুনি এক প্রকাৰৰ computer ব্যৱহাৰ কৰিছে।

Desktop computer- বহু মানুহে ঘৰ, অফিচ বা স্কুল আদিত বিভিন্ন কার্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰে । এখন desk বা table ত ৰাখি কার্য কৰাৰ বাবে Desktop computer ডিজাইন কৰা হয়। ইয়াত computer case, monitor, keyboard আৰু mouse আদি বিভিন্ন parts সংযোগ কৰি কার্য সম্পাদন কৰা হয়।

Laptop computer হৈছে দ্বিতীয় প্রকাৰৰ computer, যিবোৰ সকলোৰে পৰিচিত। Laptop computer এটা বেটাৰি চালিত computer - যি Portable, আপুনি যিকোনো ঠাইত ব্যৱহাৰ কৰিব পাৰে। ইয়াত Mouseৰ পৰিবর্ত্তে Touch-Pad, Keyboard, monitor আদি লগতে সংযুক্ত থাকে।

Tablet computer অথবা Tablet এটা handheld computer, যি Laptop তকৈ অধিক গতিশীল। keyboard আৰু mouseৰ অবিহনে tabletTouch-sensitive screen ৰ সহায়ত typing আৰু navigation কৰা হয়।

Servers হৈছে এটা computer, যি এটা Networkৰ জৰিয়তে অন্য computerInformation বিতৰণ কৰে। উদাহৰণস্বৰূপে যেতিয়াই আপুনি Internet ব্যৱহাৰ কৰে, তেতিয়া আপুনি serverত সংগৃহীত কিছুমান Information দেখা পায়। বহুটো ব্যৱসায়ত Local file server ব্যৱহাৰ কৰে আভ্যন্তৰীণ ৰূপত fileবোৰ store বা share কৰিবলৈ।

অন্য প্রকাৰৰ computerবোৰ

আজিৰ ইলেকট্রনিক যুগত বিভিন্ন ৰূপত computer আহে, যাৰ বিষয়ে আমি নাভাবো। তাৰে কিছুমানৰ উদাহৰণ হ’ল

. Smartphone হৈছে এটা cell phone, যি বিভিন্ন কার্য্য সম্পাদন কৰিব পাৰে, computer ৰ দৰে। য’ত বিভিন্ন apps চলোৱা, web browse কৰা, audio শুনা বা video চোৱা, game খেলা আৰু বহুতো কার্য্য কৰিব পাৰে।

. Wearable হৈছে কিছুমান যন্ত্রৰ সমষ্টি, যি Wearable technologyৰে নামেৰে পৰিচিত, fitness tracker আৰু smart watch আদি অর্ন্তভুক্ত যি দৈনন্দিন জীৱনত পিন্ধিব পৰা কৈ তৈয়াৰ কৰা হয়। এই যন্ত্রবোৰক সাধাৰণতে চুটিকৈ Wearable বুলি কোৱা হয়।

Personal computer বোৰ দুটা প্রকাৰৰ হয় - Pc আৰু Mac দুয়ো প্রকাৰে সম্পূর্ণ কার্যাত্মক, কিন্তু ইয়াৰ এটা আনটোৰ বেলেগ ৰূপ আৰু অনুভৱ থাকে, আৰু বহুতো লোকে এটা বা দুটা প্রকাৰে পছন্দ কৰে।

PC: এই ধৰণৰ computer 1981 চনত IBM PC এ আৰম্ভ কৰিছিল। আজি ই ব্যক্তিগত কম্পিউটাৰৰ সকলোতকৈ সাধাৰণ প্রকাৰ আৰু ইয়াত Microsoft windows operating system জড়িত থাকে।

Mac: Macintosh 1984 চনত এই computer আৰম্ভ কৰিছিল আৰু Graphical User Interface (GUI) ৰ সৈতে ই প্রথম ব্যাপক হাৰত বিক্ৰী হোৱা ব্যক্তিগত কম্পিউটাৰ। সকলোবোৰ Mac এটা কোম্পানী Apple ৰ দ্বাৰা বনোৱা হয় আৰু ইয়াত Mac operating system ব্যৱহাৰ কৰে।

Laptop computer মানে কি?

Laptop এটা ব্যক্তিগত computer, যাক সহজতে স্থানান্তৰ কৰিব আৰু বিভিন্ন স্হানত ব্যৱহাৰ কৰিব পাৰে। অধিকাংশ Laptop হৈছে Desktop computer ৰ দৰে সকলো কার্যক্ষমতা থকাকৈ তৈয়াৰ কৰা হয়, 'ত একে ধৰণৰ software চলে আৰু একে ধৰণৰে এটা file খুলিব বা কাম কৰিব পাৰি। যি কি নহওক, Laptop হৈছে Desktop computer ৰ তুলনাত অধিক ব্যয়বহুল।

Laptop কিয় এটা desktop তকৈ বেলেগ?

কাৰণ Laptop হৈছে সহজে বহনযোগ্য, লগতে Laptop আৰু desktop computer ৰ মাজত আৰু কিছুমান পার্থক্য আছে। এটা Laptop হৈছে all-in-one ভাৱে তৈয়াৰ হয়, য’ত অন্তর্নিহিত হৈ থাকে- monitor, keyboard, touchpad আৰু speakerইয়াৰ অর্থ হৈছে ই সর্ম্পূণ কার্যাত্মক, য’ত কোনো অন্য peripheral সংযোগ কৰাৰ প্রয়োজন নহয়। Laptop এটা অতি সোনকালে set-up কৰাব পাৰি আৰু কম সংখ্যক cable ৰ প্রয়োজন হয়।

আপোনাক এটা অন্য Mouse, monitor আৰু অন্য peripheral সংযোগ কৰাৰো option দিয়ে। ই মূল ৰূপত আপোনাৰ Laptop ক এটা Desktop computer লৈ সলনি কৰি দিয়ে। ইয়াৰ প্রধান পার্থক্যবোৰ হ’ল আপুনি সহজতে peripheral disconnect কৰিব পাৰে আৰু নিজৰ লগত লৈ যাব পাৰে।

আপুনি Laptop অৰ লগত পাব লগীয়া প্রধান পার্থক্যসমূ্হ -

- Touchpad:- এটা Touchpad যাক Trackpad বুলিও কোৱা হয়, এটা touch-sensitive pad থাকে। যি আঙুলিৰে ছবি আঁকা ৰূপত Pointerক নিয়ন্ত্রণ কৰিবলৈ দিয়ে।

- Battery:- প্রত্যেক Laptopত এটা বেটাৰী থাকে, যি power boardPlug in নকৰাকৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি। যেতিয়া Laptop এটা plug in কৰা হয়, তেতিয়া Battery charge হয় আৰু আপুনি Laptopটোত কাম কৰিবও পাৰে। Battery থকাৰ অন্য এটা লাভ হৈছে ই Laptop power backup প্রদান কৰে।

- AC adapter:-এটা Laptop ত বিশেষ ধৰণৰ power cable ব্যৱহাৰ কৰে, যাক AC adapter বুলি কোৱা হয়, যাক নিদির্ষ্ট প্রকাৰৰ Laptop ৰ লগত ব্যৱহাৰ কৰিবলৈ তৈয়াৰ কৰা হয়।

- Port:- অধিকাংশ Laptop desktop computer ৰ দৰে একে প্রকাৰৰ Port পোৱা যায় (যেনে- USB), তাৰ উপৰিও ঠাইৰ বচাবলৈ সাধাৰণতে কমসংখ্যক Port থাকে। অৱশ্যে কিছুমান Port বেলেগ ধৰণৰ আৰু তাৰ ব্যৱহাৰ কৰিবৰ বাবে এটা adapterৰ আৱশ্যক হ’ব পাৰে।

- Price:-সাধাৰণ ভাৱে ক’বলৈ হ’লে, একে আভ্যন্তৰীণ উপাদানৰ সৈতে এটা Laptop অধিক ব্যয়বহুল desktop computer ৰ তুলনাত। আপুনি জনিব পাৰে, কিছুমান Basic Laptop ৰ মূল্য desktop computer তকৈ কম, সাধাৰণতে ই কম শক্তিশালী Machine

Mobile device মানে কি?

Mobile device হৈছে, এক প্রকাৰৰ handheld computerএই device সহজ বহনযোগ্য ভাৱে তৈয়াৰ কৰা হয় আৰু ই সাধাৰণতে আপোনাৰ হাতখনৰ বাবে উপযুক্ত। কিছুমান Mobile devices, যেনে- tablets, e-readers, আৰু Smartphone-পর্যাপ্ত পৰিমাণে শক্তিশালী, Laptop বা desktop দ্বাৰা সম্পাদন হোৱা সকলো কার্য্য আপুনি কৰাব পাৰিব।

      Tablet computers: Laptop ৰ নিচিনাকৈ Tablet computerও সহজ বহনযোগ্য ভাৱে তৈয়াৰ কৰা হয়। ই এক অন্য ধৰণৰ computing অভিজ্ঞতা প্রদান কৰে। Tablet computer keyboard অথবা touchpad নাথাকে। ইয়াৰ সলনি সকলো screen touch-sensitive, যাৰ জৰিয়তে virtual keyboardtype কৰা আৰু হাতৰ আঙুলী MousePointer হিচাপে ব্যৱহাৰ কৰিব পাৰে।

Tablet computer সাধাৰণ ভাৱে পাৰম্পৰিক Computer ৰ দৰে সকলো কার্য সম্পাদন কৰিব নোৱাৰে। কিছু মানুহৰ বাবে, কার্যক্ৰমত ব্যৱহাৰ কৰিবৰ বাবে এটা Laptop অথবা desktop ৰ নিচিনা Tablet computer ৰ আৱশ্যক হয়। তথাপিও Tablet computer ৰ সুবিধা হৈছে দ্বিতীয়টো Computer শিকাৰ আদর্শ।

      E-book readers যাক e-reader বুলিও কোৱা হয়, মূখ্য ৰূপত ইয়াৰ জৰিয়তে e-book পঢ়িবৰ বাবে বিকাশ কৰা হয়। উদাহৰণ হিচাপে ক'ব পাৰি - Amazon kindle, Barnes & Noble Nook আৰু kobo আদি। অধিকাংশ e-reader এ এটা e-inkৰ ব্যৱহাৰ কৰে, যি পাৰস্পৰিক computer Displayৰ তুলনাত পঢ়িবলৈ অতি সহজ। আপুনি e-reader ত অত্যাধিক ৰদতো পঢ়িব পাৰিব, যেনেকৈ আপুনি এখন নিয়মিত কিতাপ পঢ়ি আছে। আপোনাক e-books পঢ়িবৰ বাবে e-readersৰ আৱশ্যক নহয়। ইয়াক tablet, Smartphone, laptop আৰু desktop টো পঢ়িব পাৰি।

      Smartphone পাৰস্পৰিক cell phoneৰ এটা অধিক শক্তিশালী সংস্কৰণ। phone call, voicemail, text messaging আদি মূল সুবিধাৰ উপৰিও Smartphone ৰ সহায়ত Wi-Fi নাইবা cellular networkৰ জৰিয়তে Internet connect কৰিব পাৰে। ইয়াৰ অর্থ, Smartphone আপুনি ব্যৱহাৰ কৰিব পাৰিব সেইবোৰ কামৰ বাবে যিবোৰ কামৰ বাবে computerৰ ব্যৱহাৰ কৰা হয়। যেনেকৈ- আপোনাৰ e-mail Check কৰা, web browse কৰা বা shopping কৰা আদি। Smartphonetouch sensitive screen ব্যৱহাৰ কৰে। য’ত physical keyboard নাথাকে। ইয়াৰ উপৰিও আপুনি virtual keyboardtype কৰা আৰু আপোনাৰ আঙুলীৰ সহায়ত display লগত Interact কৰিব পাৰে। অন্য standard feature যেনে- উচ্চ মানৰ digital camera, digital music আৰু video file চলাৰ ক্ষমতা থাকে। কিছুমান লোকৰ বাবে এটা Smartphone হৈছে বাস্তৱত পুৰণি ইলেকট্রনিক যেনে- Laptop সলনি, digital music আৰু digital camera একেটা deviceতে পায়।

সেইহে, আপোনাৰ প্রয়োজনৰ ওপৰত নির্ভৰ কৰি আপুনি নিজে বিচাৰিব লাগিব এই ধৰণৰ এটা বা তাতোধিক প্রকাৰৰ সমষ্টিৰ personal computing device যি আপোনাৰ কর্মবোৰৰ সমাধান দিয়ে।

Post a Comment

0 Comments