Featured Posts

How to Edit Photo/image in Adobe Photoshop 7.0 - in Assamese। Photoshop ৰ আৰম্ভণি - mselearn

 

নমস্কাৰ বন্ধুসকল, এই videoটোত দেখাম - Adobe photoshop 7.0 ত, আপুনি ভিডিঅ’তটো দেখা এই JPEG/PNG format অৰ বিভিন্ন file ব্যৱহাৰ কৰি, কিদৰে photo বা image  বোৰ edit কৰি এই JPEG image টো তৈয়াৰ কৰিছো। 

 

এই videoটো চাই, আপুনি Adobe Photoshop 7 অত photo editing ৰ কাম আৰম্ভ কৰিব পাৰে - 

  • New file তৈয়াৰ কৰা, 
  • Multi file select কৰি Open কৰা, 
  • Copy/cut/paste/move কৰা, all select কৰা,    
  • কি দৰে Free Transform ব্যৱহাৰ কৰিব – 
  • বিভিন্ন selection tools যেনে - Lasso tool, Magnetic Lasso, Polygonal Lasso, 
  • Marquee Tool কি দৰে ব্যৱহাৰ কৰা, 
  • zoom in আৰু zoom out কি ? 
  • Magic wand আৰু Move Tool ৰ ব্যৱহাৰ লগতে 
  • PNG file বোৰত কি দৰে কাম কৰা হয় ? 
  • বিভিন্ন shortcuts key বোৰ। শেষত, 
  • file সংৰক্ষণৰ বাবে কি দৰে save কৰা হয় – 

বিষয়বোৰ ভিডিঅ’টো দেখুওৱা হৈছে – ভাল দৰে জানিবৰ বাবে ভিডিঅ’টো শেষলৈকে চাওক। ভিডিঅ’টো কেনে পালে নিশ্বয় comment ৰ জড়িয়তে জনাব, লগতে video টোত like এটা কৰিব আৰু বন্ধুৰ মাজত share কৰিব। Channel টো subscribe কৰিবলৈ নাপাহৰিব। 

 

আমি Adobe Photoshop চাৰিটা Bar পাওঁ

১) Menu Bar ২) Options Bar  ৩) Tool bar  ৪) Palette.

আমি Photoshop ত কাম আৰম্ভ কৰিবলৈ হয় এটা New File তৈয়াৰ কৰিব লাগিব নহয় আগৰ existing File এটা Open কৰিব লাগিব ।

এতিয়া মই New Select কৰিছো । ইয়াত File Name এটা দিব লাগিব , মই photo type কৰো। Preset size অত Predefine size select কৰিব পাৰে বা  Custom select কৰি Width/Height/Resolution আদি Set কৰিব পাৰে ।

Mode option ত আপুনি বিভিন্ন color mode chose কৰিব পাৰে, যদি File টো Digitally share বা Print কৰিব তেন্তে RGB colour mode select কৰক । যদি Flex printing কৰে তেন্তে CMYK Color কৰিব পাৰে। মই RGB select কৰিছো ।

শেষত আপুনি Content Option ত White বা Background বা Transparent Select কৰিব লাগিব । White select কৰিলে Page টো White হ’ব, যদি Background select কৰে, তেতিয়া Background যি  color  আছে সেই color  হ’ব আৰু Transparent select কৰিলে কোনো Object নাথাকিব যি স্বচ্ছ হ’ব।

মই predefine 6X4 size select কৰি, OK Press কৰিম ।

আমি দিয়া File Name টোৰ সৈতে নতুন Page এটা Open হৈছে। Tittle bar ত File Name অৰ লগতে  Control botton- Minimize, Restore down, Close দেখিব।

যদি আমাৰ Rulers bar টো প্ৰয়োজন হয় , Menu bar ৰ view tab লৈ গৈ Rulers option টোত select কৰিলেই হ’ল। যদি Scale ডাল আপোনাক Inches ত লাগে, তেন্তে Rular bar লৈ গৈ scale ডালৰ ওপৰত Right click কৰি Inches select কৰিব পাৰে। মই set কৰা size টো আপুনি Scale ত দেখাব ।

এতিয়া File menu লৈ  গৈ Image দুখন Open  কৰিম। File Tab ৰ open select কৰিম । আন এখন নতুন Windows Open হ’ব। য’ত Computer ৰ যিকোনো drive বা  folder পৰা  Image select কৰি open কৰিব পাৰো । মোৰ Image বোৰ থকা folder লৈ আহিলো । যদি Image বোৰ Display হৈ থকা নাই - মাত্র File Name বোৰ দেখিছে । তেতিয়া view Menu লৈ গৈ large icon select কৰিলে দেখা পাব ।

দুটা Image select কৰিবলৈ keyboard ত Ctrl key ধৰি আৰু এটা এটা কৈ select কৰিছো । Open Click  কৰো । Image দুটা Open হলে আমি Tittle barত drag কৰি Image বোৰ move কৰিব পাৰো।

আমি Create কৰিব লগীয়া Photo page টোত click কৰি, Rotate কৰিম । Image Menu ৰ Rotate Canvas ৰ 90 degree CW select কৰিছো । Rotate হৈছে ।

এতিয়া natural Scenery  image টো Click কৰিম । Select Menu ৰ select all Select কৰো । ইয়াৰ shortcut key Ctrl+A । imageটোৰ সকলো  area select হ’ব। তাৰ পাছত Edit tab ৰ পৰা copy select কৰিম । Ctrl+C Press কৰিও copy কৰিব পাৰে ।  

এতিয়া Photo File লৈ গৈ ইয়াক Paste কৰিম । প্ৰথমে Photo file টো Maximize কৰি লও তেতিয়া কাম কৰিবলৈ সুবিধা হব । 

Edit tab ৰ পৰা Paste কৰিব পাৰো বা Ctrl+V Press কৰিব পাৰো। Photo খন ডাঙৰ কৰিবলৈ কৰিবলৈ Edit tab ৰ পৰা Free Transform select কৰো । ইয়াৰ Shortcut Ctrl +T।  ডাঙৰ কৰিবলৈ যিকোনো কোন লৈ যাওঁ আৰু Shift key press কৰি mouse টো  left click drag কৰি কৰো। Shift key press কৰিলে Photo আকাৰ সমানুপতিক ভাৱে ডাঙৰ/সৰু হয়। আমাৰ প্ৰয়োজনীয় আকাৰত Drag কৰি Option bar ত থকা  Tick mark icon টোত Click কৰো। Menu bar ত থকা Restore down bottom ত click কৰো।

natural Scenery image খনত কাম কৰা শেষ হৈছে , এতিয়া ইয়াক close bottom click কৰি close কৰো।

আৰু এখন Image add কৰিম । boat File টো select কৰো । দুটা ধৰণে select কৰি Add কৰিব পাৰো ।

১. Lasso tool ব্যৱহাৰ কৰি বা

২. Marquee Tool ব্যৱহাৰ কৰি ।

Lasso tool ত right click কৰিলে তিনিধৰণৰ Lasso tool দেখিব – প্রথম Lasso tool টো select কৰো mouseৰ left click ধৰি draw কৰি select কৰিব পাৰো । দ্বিতীয় Polygonal Lasso tool টো select কৰি mouse ত left click কৰি straight Line হিচাপত draw কৰি select কৰিব পাৰো । শেষৰ Magnetic Lasso tool টো select কৰি mouse ত left click কৰি Magnetic হিচাপত select কৰিব পাৰো। য’ত mouseটোৱে Auto detect কৰে, সেই হে, select কৰিবলৈ সুবিধা হয়।  

কিন্তু এতিয়া select কৰা দ্বিতীয় ধৰণ আমি ব্যৱহাৰ কৰিম ।

Mouse অত left click কৰি drag কৰো - আমাৰ প্ৰয়োজনীয় অংশ Select কৰিম। তাৰ পৰা Copy ৰ বাবে Ctrl+C Press কৰিম । এতিয়া Photo File টো Open কৰি  Ctrl+V Press কৰি Paste কৰিম ।

Tool barত zoom tool select কৰি imageটো zoom কৰি লও। Zoom in কৰিবলৈ option barৰ zoom in icon ত click কৰি  পুনৰ image টোলৈ আহি left click কৰি zoom in কৰি থাকিব পাৰে। সেই দৰে option barৰ zoom out icon ত click কৰি left click কৰি zoom out কৰিব পাৰে। shortcuts key , Ctrl+”+” press কৰি  Zoom in আৰু Ctrl+”-“ press কৰি  zoom out কৰিব পাৰো।

Image টোত background White হৈ আছে । কিন্তু Lasso tool ব্যৱহাৰ কৰি Select কৰিলে এই White Background নাহিব।

Tool bar ৰ পৰা Magic wand Tool select কৰো আৰু White Area টোত Select কৰো । সকলো বগা অংশ select হৈছে, এতিয়া keyboard ত delete key press কৰো । বাকি থাকি যোৱা বগা অংশ  Select কৰি delete কৰো ।

Select হৈ থকা Area deselect কৰিবলৈ Ctrl+D  Press কৰো । এতিয়া Free Transform  ব্যৱহাৰ  কৰি boat  খন সৰু কৰো । প্রথমে Ctrl+T press কৰো আৰু mouseটো left click কৰিম য’ত Shift  টো Press কৰি থাকিম । Tick mark icon ত click কৰিম কাম শেষ কৰিবলৈ । Move Tool ব্যৱহাৰ কৰি আমি boat খন Move কৰি সঠিক  Area ত ৰখিম ।

Image টোত আৰু দুখন boat add কৰিম – মই দুটা png image, file tabৰ পৰা open কৰো। ctrl press কৰি photo দুখন select কৰি open কৰো।

ইয়াৰ পৰা ____ size modiefy কৰো।

আহক এতিয়া layer ৰ বিষয়ে জানো?

Layer বোৰৰ identity ৰ বাবে move tool টো select কৰি option bar ৰত Auto select layer আৰু Show bounding box দুটা select কৰো। এতিয়া এটা এটা নিদিষ্ট layer select থকা mark থাকিব। কাম কৰিবলৈ সহজ হ’ব।

View tab ৰ পৰা layer option টো select কৰো। Layer palette ৰ পৰা layer name change কৰিবলৈ layer টোত double click কৰো, Rename কৰিব পাৰিম। এটা এটা কৈ প্রতিটো layer rename কৰো।

Boat layer টোৰ এটা Duplicate layer বনাও তাৰ বাবে layerটোৰ ওপৰত right click কৰি  Duplicate layer select কৰিলে এখন window আহিব just ok press কৰিলেই হ’ল। নতুন layer এটা তৈয়াৰ হৈছে। এই copy layerটো drag কৰি তললৈ আনো। ctrl + T press কৰি ওপৰৰ ফালে থকা line ডালত ধৰি তললৈ drag কৰো আৰু cursor টো অলপ ওপৰলৈ আনি layer টো turn কৰো, সঠিক areaলৈ move কৰো আৰু keyboard Enter press কৰো।

এতিয়া Filter tabৰ পৰা Distort > Glass select কৰো, নতুন glass windows ত distortion 1, Smothness 3 আৰু scaling 100% select কৰি ok press কৰো। হৈছে সুন্দৰ shadow তৈয়াৰ হৈছে। একে দৰে বাকী কেইটা layer ও কৰো। ভিডিঅ’টো অলপ first কৰিছো।

Photo editing ৰ কাম শেষ হৈছে- এতিয়া আমি photo fileটো JPEG format ত save কৰিম। ইয়াৰ বাবে File tabৰ Save as select কৰিম। প্রথমে Save কৰিব বিচৰা drive টোৰ পৰা folderটো select কৰো। File name এটা দিম beautiful natural Scenery আৰু Formatত JPEG select কৰি file টো save কৰিম। JPEG Option ত quality 12 type কৰি ok press কৰিম।

আহক

Create কৰা file টো থকা folder টোলৈ যাম আৰু file টোত double click কৰি open কৰিম।

ভিডিঅ’টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ, Channel টো subscribe কৰিব।  ভিডিঅ’টো কেনে পালে নিশ্বয় comment ৰ জড়িয়তে জনাব আৰু যদি কোনো দিহা/পৰামর্শ আছে জনাবলৈ নাপাহৰিব। কাষৰ link বোৰত click কৰি videoবোৰ চাব পৰে। Photoshop অৰ অন্য এটা ভিডিঅ’ৰ সৈতে পুনৰ লগ পাম।

 

 

Post a Comment

0 Comments